![]()
আলফা (স্বাধীন)ত যোগদান কৰিবলৈ যোৱা চৰাইদেউ জিলাৰ সাতজনকৈ যুৱকক অসম-অৰুণাচল-নাগালেণ্ড ত্ৰিবেনী সংগম সাপেখাতী অঞ্চলৰ পৰা আৰক্ষীয়ে আটক কৰে।আছাম ৰাইফলছ আৰু সাপেখাতী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰহমানৰ নেতৃত্বত চলা এক অভিযানত এই সাতজন যুৱকক আটক কৰা হয়।
ৰাজ্যৰ ভিন্ন প্ৰান্তত আলফা(স্বাধীন) শক্তিশালী কৰাৰ স্বাৰ্থত সদস্য ভৰ্তি অভিযানৰ মাজতেই এই সাতজন যুৱকৰ আটকৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আৰক্ষী সূত্ৰই জনোৱা মতে চৰাইদেউ জিলাৰ সাপেখাতী সাপেখাতী মৌজা টাইৰাই গাওঁৰ অশ্বিনী কুমাৰ বৰুৱা (২১) , বাকচু গাওঁৰ দুই ভাতৃ ক্ৰমে আচিচ দাস (১৯) আৰু দেব দাস (১৭) আৰু একে গাওঁৰে যতীন দাস (১৮) , ৩ নং হাওঁফাওঁ গাওঁৰ নৰ থাপা (৪৮) আৰু একে গাওঁৰে গনেশ ছেত্ৰী (২২), ৰহন গোঁহাই গাওঁৰ পৰা জান বৰগোহাঁই ( ৩৫) সহ সাতজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।
ইতিমধ্যে সাপেখাতী আৰক্ষী থানাত ১৮/২২গোচৰ ৰুজু কৰি ১২০(ব),১২১(এ)আই পি চি ১০/১৩ ধাৰাত সকলোকে চৰাইদেউ আদালত হাজিৰ কৰে।













