আজি বিয়লি কাৰ্বি আংলং জিলা আৰক্ষীয়ে অভিযান চলাই পিষ্টল সহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণ অনুসৰি, আজি বিয়লি আৰক্ষীয়ে এক নিৰ্ভৰযোগ্য সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত তথা মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমেন বৰদলৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বকলীয়াঘাট থানাৰ অন্তৰ্গত জীলাংছʼ এলেকাত তালাচী অভিযান চলায়।
উক্ত অভিযানত আৰক্ষীয়ে এএছ-01-ইজে-9158 নম্বৰৰ ভেন্যু বাহন খনত তালাচী চলাই এটা পইন্ট 32 পিষ্টল সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। ধৃত যুৱকজন ডিফু থানাৰ অন্তৰ্গত ৰংফাংবং নিবাসী শান্তনু তেৰাং বুলি চিনাক্ত কৰা হৈছে।