জ্ঞানবাপী মছজিদক লৈ চলা ঘটনাক্রম সন্দৰ্ভত ফেচবুক পোষ্ট কৰি গ্ৰেপ্তাৰ হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক। ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত গোচৰ ৰুজু হৈছে ৰতন লাল নামৰ শিক্ষকজনৰ বিৰুদ্ধে।
বাৰাণসীৰ জ্ঞানবাপী মসজিদত ‘শিৱলিঙ্গ’ পোৱা সন্দৰ্ভত নেট মাধ্যমত এটি পোষ্ট কৰিছিল দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ হিন্দু কলেজৰ অধ্যাপক ৰতন লালে। ইয়াৰ পিছত শুক্রবাৰে নিশা গ্ৰেপ্তাৰ হয় অধ্যাপকজন। উত্তৰ দিল্লীৰ ছাইবাৰ থানাই ১৫৩ এ, ২৯৫ এ ইত্যাদি ধাৰাত গোচৰ ৰুজু কৰিছে।
সূত্রৰ খবৰ মতে, যোৱা মঙ্গলবাৰেই অধ্যাপক লালৰ বিৰুদ্ধে বিদ্বেষ বিয়পোৱাৰ অভিযোগত গোচৰ তৰে দিল্লীৰ এগৰাকী অধিবক্তাই। তেওঁৰ অভিযোগ, শিৱলিঙ্গ সন্দৰ্ভত যিটো পোষ্ট অধ্যাপকজনে কৰিছে, সেয়া আপত্তিজনক আৰু বিশেষ সম্প্রদায়ক উদ্দেশ্যে লেখা। অধ্যাপকজনৰ এই ‘উদ্দেশ্যপ্রণোদিত’ কাৰ্যৰ বাবে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ আবেদন জনায় তেওঁ। ইয়াৰ পিছতেই শুক্রবাৰে নিশা অধ্যাপকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
আনহাতে, আত্মপক্ষ সমর্থনত অধ্যাপক লালে কয়, ‘‘ভাৰতত কোনো বিষয় সন্দৰ্ভত মন্তব্য কৰা মানেই কাৰোবাৰ নহয় কাৰোবাৰ ভাবাবেগত আঘাত লাগিব। সেয়ে, এইটো নতুন একো কথা নহয়।’’ অধ্যাপকজনৰ লগতে সংযোজন, ‘‘মই নিজে ইতিহাসবিদ। মোৰো কিছু পর্যবেক্ষণ আছে। সেয়াই ফেচবুক পোষ্টত লিখিছিলো।’’