আমেৰিকাৰ হুইছকনছেন নিবাসী ডন গোৰ্ছকে ১৯৭২ চনৰ মে’ মাহত প্রথমবাৰ খাইছিল বিশেষ এটি বার্গাৰ। বার্গাৰটি খাই ইমানেই ভাল লাগে যে, দৈনিক সেই একেই বার্গাৰ খোৱা আৰম্ভ কৰে তেওঁ।
তেতিয়াৰ পৰাই বিশেষ ধৰণৰ উক্ত বার্গাৰ খোৱা বন্ধ কৰা নাই ব্যক্তিজনে। এই বছৰ মে’ মাহত বার্গাৰ প্রেমৰ স্বৰ্ণজয়ন্তী পালন কৰে ডনে। বার্গাৰ কোম্পানীটোৰ তৰফৰ পৰাও ব্যৱস্থা কৰা হৈছিল বিশেষ সম্বর্ধনাৰ।
পাঁচ দশকত কেৱল ৮ দিন বার্গাৰ খাব পৰা নাই গোৰ্ছকে। গোৰ্ছকে জনোৱা মতে, তেওঁ যদি এবাৰ কোনো খাদ্য পছন্দ কৰে, তেন্তে সেই খাদ্যবিধেই একেৰাহে খাই থাকে। যিমান দিন বাচি থাকিব, সিমান দিনেই তেওঁ দৈনিক এই বার্গাৰ খাই যাব বুলিও তেওঁ জনায়। সকলো মিলাই উক্ত একে প্ৰকাৰৰেই বার্গাৰ প্রায় ৩২ হাজাৰ ৭০০ খাইছে তেওঁ !