ASSAM TIMES POST
নতুন দিল্লীঃ অহা ২১ অক্টোবৰত অনুষ্ঠিতব্য মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বলৈ ভাৰতীয় জনতা পাৰ্টিয়ে বিনায়ক দামোদৰ চাভাৰকাৰক ভাৰত ৰত্ন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা কাৰ্যক শুকুৰবাৰে তীব্ৰ ভাষাৰে সমালোচনা কৰে নিখিল ভাৰত মজলিছ-ই-ইট্টেহাদুল মুছলিমীন (এআইএমআইএম)ৰ মুৰব্বী আৰু ঔৰাংগাবাদৰ সাংসদ আছাদুদ্দিন অ’ৱাইচীয়ে। এই সন্দৰ্ভত তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত কয় যে যদি চাভাৰকাৰক বিজেপিয়ে ভাৰত ৰত্ন প্ৰদান কৰিব পাৰে, তেন্তে মহামানৱক হত্যাকাৰী নাথুৰাম গডচেক কিয় দিব নোৱাৰিব? তেওঁ স্পষ্টভাৱে কয়, ‘দ্বৈত-ৰাষ্ট্ৰৰ তত্ত্ব উদ্ভাৱন কৰোতাজন আছিল চাভাৰকাৰ আৰু মহম্মদ আলী জিন্নাই এই তত্ত্বটোকে ব্যৱহাৰ কৰিছিল। যদি বিজেপিয়ে কাৰোবাক ভাৰত ৰত্ন প্ৰদান কৰিবলৈ বিচাৰিছে, তেন্তে গডচেক প্ৰদান কৰক।’












