এতিয়াও ৩ হাজাৰৰ ওপৰতেই আছে দৈনিক কৰোনা সংক্রমিতৰ সংখ্যা। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰোনাত আক্রান্ত হৈছে ৩,২৭৫ জন। বুধবাৰে এই সংখ্যা আছিল ৩,২০৫। বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ সামান্য কমি হৈছে ০.৭৭ শতাংশ।
বর্তমান সমগ্ৰ দেশত মুঠ ১৮৯ কোটি ৬৩ লক্ষ ৩০ হাজাৰ ৩৬২ টীকাকৰণ হৈছে। বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৩,০১০ জন। আনহাতে, বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৫৫ জনৰ। ইয়াৰে ভিতৰত কেৰালাতেই মৃত্যুৰ সংখ্যা ৫২।
হাৰিয়ানা, ৰাজস্থান আৰু দিল্লীত মৃত্যু হৈছে এজনকৈ। দেশত মুঠ সক্রিয় ৰোগীৰ সংখ্যা ১৯,৭১৯। এতিয়াও দেশত সংক্রমণৰ শীর্ষত আছে দিল্লী। বিগত ২৪ ঘণ্টাত ১,৩৫৪ জন আক্রান্ত হৈছে তাত।
কেন্দ্রৰ তথ্য অনুযায়ী, ২০ ফেব্রুৱাৰীৰ পিছত ১৭ এপ্রিলত পুনৰ ৰাজধানীত দৈনিক কোভিড আক্রান্তৰ সংখ্যা বাঢ়ি ৫০০ অতিক্ৰম কৰিছিল। তাৰ পিছৰ পৰা সেয়া ক্রমাগতভাৱে ঊর্ধ্বমুখী হ’বলৈ আৰম্ভ কৰে। দিল্লীৰ পিছত সংক্রমণৰ শীর্ষত আছে হাৰিয়ানা (৫৭১), কেৰালা (৩৮৬) আৰু উত্তৰ প্রদেশ (১৯৮)।