গুৱাহাটী মহানগৰীত মৰ্মান্তিক ঘটনা। জীৱন সংগ্রামত ব্ৰতী থকা এগৰাকী যুৱকৰ কৰুণ মৃত্যু। কৰ্তব্যৰত হৈ থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ অনলাইন (চুইগীত) খাদ্য-সামগ্ৰী যোগানধাৰী এগৰাকী যুৱকে। গণেশগুৰি হেঙেৰাবাৰী পথত মঙলবাৰে সংঘটিত হয় মৰ্মান্তিক ঘটনাটো। খাদ্য যোগান ধৰা যুৱকজন পথৰ কাষৰ এখন দোকানৰ সন্মুখতে জিৰণি লৈ থকা অৱস্থাতে মৃত্যুক আঁকোৱালি লয়। ভাগৰত যুৱকজন বহি থকা বুলি ভাবিছিল প্ৰত্যক্ষদৰ্শীয়ে। কিন্তু দীৰ্ঘসময় ধৰি এই যুৱকজন একে অৱস্থাতে থকা দেখি বুধবাৰে পুৱা স্থানীয় লোকে চাই। স্থানীয় লোকে যুৱকজনক প্রত্যক্ষ কৰি মৃত অৱস্থাত উদ্ধাৰ কৰে। উল্লেখ্য যে মৃত দুৰ্ভগীয়া যুৱকজন দীপাংকৰ বৰা। দুৰ্ভগীয়া দীপাংকৰ ঘৰ মাণিক নগৰত।
আনহাতে স্থানীয় প্রত্যক্ষদর্শনীয়ে যুৱকজন পৰি থকা পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ আনিছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে।
গুৰুত্বপূৰ্ণ কথা যে প্ৰাথমিক পয্যায়ত সন্দেহ কৰা হৈছে যুৱকজনৰ মৃত্যু স্বাভাৱিক। আৰক্ষী তদন্ততহে পোহৰলৈ আহিব প্ৰকৃতি তথ্য।