লাহে লাহে হ’লেও কোভিড সংক্রমণ বৃদ্ধি পাইছে। ৰাজধানী দিল্লীৰ অৱস্থা অতি শোচনীয়। অৱশ্যে আইচিএমআৰৰ মতে, সম্প্ৰতি হেনো চতুর্থ ঢৌৰ সম্ভাৱনা নাই। অৱশ্যে বিগত ২৪ ঘণ্টাত আক্রান্তৰ হাৰ বৃদ্ধি পালে প্রায় ২৫ শতাংশ। সক্ৰিয় ৰোগীৰ সংখ্যাও পুনৰ ঊর্ধ্বমুখী।
বুধবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰিসংখ্যাই কৈছে, বিগত ২৪ ঘণ্টাত দেশত কৰোনা আক্রান্ত ৩,২০৫ জন। এটা দিনতে সংক্রমণৰ হাৰ বৃদ্ধি পালে ২৪.৮ শতাংশ। কেৱল দিল্লীতেই আক্রান্ত ১,৪১৪ জন।
দেশত সক্রিয় কৰোনা ৰোগীৰ সংখ্যা বিগত ২৪ ঘণ্টাত পুনৰ ঊর্ধ্বমুখী। বর্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ১৯ হাজাৰ ৫০৯। সমগ্ৰ দেশত সক্ৰিয় ৰোগীৰ হাৰ বৰ্তমান ০.০৫ শতাংশ। বিগত ২৪ ঘণ্টাত কৰোনাই প্রাণ কাঢ়িছে ৩১ জনৰ। দেশত এই পর্যন্ত কোভিডত মুঠ মৃত্যুৰ সংখ্যা ৫ লক্ষ ২৩ হাজাৰ ৯২০।
আনহাতে, এই পর্যন্ত দেশত ৪ কোটি ২৫ লক্ষ ৪৪ হাজাৰ ৬৮৯ জন কৰোনাৰ পৰা মুক্ত হৈছে। যাৰ ভিতৰত বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ২,৮০২ জন। সুস্থতাৰ হাৰ ৯৮.৭৪ শতাংশ।