পুনৰ ৰঙা চকু দেখুৱাইছে কৰোনাই। কোভিডবিধি প্রত্যাহাৰৰ পিছতেই এপ্রিলৰ মাজমানৰ পৰা দেশত লাহে লাহে বৃদ্ধি পাইছে কৰোনা সংক্রমণ। ইয়াৰ ফলত এইবাৰ উত্তৰ প্রদেশৰ এখন জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। নিষেধাজ্ঞা জাৰি কৰা হৈছে বহুক্ষেত্রত।
সূত্রৰ খবৰ মতে, সোমবাৰৰ পৰা উত্তৰ প্রদেশৰ গৌতম বুদ্ধ নগৰত ৩১ মে’ পর্যন্ত জাৰি থাকিব ১৪৪ ধাৰা। মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে প্রশাসনে।
আনহাতে, কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত সামান্য কমিছে দৈনিক সংক্রমণ। কমিছে মৃত্যুও। সোমবাৰে নতুনকৈ দেশত কৰোনা আক্রান্ত হৈছে ৩ হাজাৰ ১৫৭ জন। কোভিডত মৃত্যু হৈছে ২৬ জন।