ৰাষ্ট্ৰীয় ভাষা সন্দৰ্ভত অজয় দেৱগন আৰু কিচ্চা সুদীপে দিয়া মন্তব্যৰ মাজতে এতিয়া অভিনেত্ৰী কংগনা ৰাণাৱটে এই বিষয়ত মন্তব্য প্ৰদান কৰিছে৷ তেওঁ কৈছে যে, সংস্কৃত দেশৰ ৰাষ্ট্ৰীয় ভাষা হ’ব লাগে৷ কংগনা ৰাণাৱটে তেওঁৰ আহিবলগীয়া ছবি “ধাকড়” ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত এইদৰে কয়৷
কংগনা ৰাণাৱটে কয় যে, “মোক ২ মিনিট সময় দিয়ক যাতে মই এই বিষয়ত মোৰ মতামত আগবঢ়াব পাৰোঁ৷ আমাৰ ব্যৱস্থা যিয়েই নহওঁক কিয়! আমাৰ সমাজ, ইয়াৰ ভাষা আৰু সংস্কৃতিৰ মাজত যথেষ্ট বৈচিত্ৰ্য আছে আৰু এই আটাইবোৰ ভাষা- সংস্কৃতিক লৈ গৌৰৱ অনুভৱ কৰাটো সকলোৰে জন্মগত অধিকাৰ যদিও আমাৰ এখন দেশ আছে৷ ইয়াত এটা গোট হিচাবে পৰিচালনা কৰিবলৈ আমাক এডাল সূতাৰ প্ৰয়োজন যাতে আমি ইয়াক চলাব পাৰোঁ। যদিহে আমি সংবিধানক সন্মান কৰিব লাগে।
যেতিয়া হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাবে গ্ৰহণ কৰা হৈছিল তেতিয়া তামিল হিন্দীতকৈ পুৰণি আছিল। আৰু, তাতকৈ পুৰণি ভাষা আছিল সংস্কৃত। যদি আপুনি মোৰ মতামত জানিব বিচাৰে, মই ভাবো ৰাষ্ট্ৰীয় ভাষা সংস্কৃত হ’ব লাগে কাৰণ তামিল, কানাড়া, গুজৰাটী আৰু হিন্দীৰ দৰে ভাষা ইয়াৰ পৰা আহিছে। সেই সময়ত সংস্কৃত কিয় লোৱা নাছিল তাৰ উত্তৰ মোৰ ওচৰত বৰ্তমান সময়ত নাই । যেতিয়াই খালিস্তানে নিজ মন্তব্য দাঙি ধৰি কয় যে আমি হিন্দীত বিশ্বাস নকৰোঁ আৰু যুৱকসকলক বিপথে পৰিচালিত কৰা হয়।
তেতিয়া ইয়াৰ বিষয়ে কথা পতা নহয়। তেওঁলোকে আনকি সংবিধানকো মানি লোৱা নাছিল। তামিলসকলৰ এটা আন্দোলনো হৈছিল য’ত, তেওঁলোকে এখন বেলেগ দেশ বিচাৰিছিল৷ যেতিয়া আপুনি বংগ গণৰাজ্যৰ দাবী কৰে আৰু কয় যে মই হিন্দীক ভাষা হিচাপে গণ্য নকৰোঁ৷