অসমৰ চিকিৎসা জগতৰ ক্ষেত্ৰত আজিৰ দিনটো এক স্মৰণীয় হৈ থাকিব৷ কিয়নো আজিৰ দিনটোতে ছয়খনকৈ কেন্সাৰ হস্পিটেল উদ্বাধনৰ লগতে আন সাতখনৰ আধাৰশিলা স্থাপন কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উক্ত কাৰ্যসূচী সম্পন্ন কৰে৷
সেই উপলক্ষে ডিব্ৰুগড়ত আয়োজিত অনুষ্ঠানত অসম চিকিৎসা মহাবিদ্যালয়ত নৱনিৰ্মিত ডিব্ৰুগড় কৰ্কট কেন্দ্ৰটো আজি শুভ উদ্বোধন কৰি ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ লগতে আন ছয়খন কেন্সাৰ হস্পিটেলৰো আধাৰশিলা স্থাপন কৰে৷
কেন্দ্ৰটোত উপলব্ধ কৰ্কট ৰোগৰ অত্যাধুনিক আৰু ব্যয়সাপেক্ষ চিকিৎসা ব্যৱস্থাই ডিব্ৰুগড়ৰ লগতে সমগ্ৰ অসম তথা কাষৰীয়া ৰাজ্যসমূহৰ জনগণক যথেষ্ট উপকৃত কৰিব বুলি আশা কৰা হৈছে। কৰ্কট কেন্দ্ৰটো উদ্বোধন কৰি গুণগত স্বাস্থ্যসেৱাৰ দিশত এয়া এক যুগান্তকাৰী পদক্ষেপ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷