![]()
একেৰাহে এসপ্তাহ দৈনিক সংক্রমণৰ সংখ্যা দুহাজাৰৰ ভিতৰত থকাৰ পিছত কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুযায়ী, সেই সংখ্যাই ৩ হাজাৰ অতিক্ৰম কৰিলে। বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ সংখ্যা ৩, ৩০৩। বুধবাৰে সংক্রমিতৰ সংখ্যা আছিল ২, ৯২৭।
দৈনিক সংক্রমণৰ হাৰো বিগত ২৪ ঘণ্টাত বৃদ্ধি হোৱা দেখা গৈছে। বুধবাৰে ০.৫৮ শতাংশ ৰ বিপৰীতে বিগত ২৪ ঘণ্টাত সেয়া বৃদ্ধি হৈ হৈছে ০.৬৬ শতাংশ। দেশত মুঠ আক্রান্তৰ সংখ্যা ১৬, ৯৮০। ইয়াৰ ভিতৰত বিগত ২৪ ঘণ্টাত নতুনকৈ আক্রান্ত হৈছে ৭০১ জন। সুস্থও হৈছে দুই হাজাৰ ৫৬৩ জন, যিটো বুধবাৰৰ তুলনাত সামান্য বেছি।
আনহাতে, সমগ্ৰ দেশত এই পর্যন্ত ১৮৮ কোটি ৪০ লক্ষ ৭৫ হাজাৰ ৪৫৩ টীকাকৰণ হৈছে। সম্প্ৰতি দৈনিক সংক্রমণৰ শীর্ষত দিল্লী, ১,৩৬৭। ইয়াৰ পিছত আছে হাৰিয়ানা (৫৩৫), কেৰালা (৩৪১) আৰু উত্তৰ প্রদেশ (২৫৮)। বিগত ২৪ ঘণ্টাত কৰোনাত আক্রান্ত হৈ মৃত্যু হৈছে ৩৯ জন।












