![]()
কাইলৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্বি আংলং জিলা ভ্ৰমণক কেন্দ্ৰ কৰি পাহাৰীয়া জিলাখনতে ব্যাপক উৎসাহজনক পৰিৱেশ বিৰাজ কৰি থকাৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ আগমণৰ প্ৰাক্ষণত পাহাৰীয়া এলেকাটোৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক দাবী অনুসৰি কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীৰ লগতে অন্যান্য বিষয়ক লৈ সৰৱ হৈ পৰিছে জিলাখনৰ কেইবাটাও দল-সংগঠন।
প্ৰধানমন্ত্ৰীগৰাকীৰ আগমণৰ প্ৰাক্ষণত আজিও ডিফুত এক সংবাদমেলৰ আয়োজন কৰি বিভিন্ন বিষয়ক লৈ সৰৱ হৈ পৰে জিলাখনৰ তিনিটাকৈ দল-সংগঠন ক্ৰমে জেচিচিপিএ, জাকাছ আৰু এইচ টি এল।
ডিফুৰ জিলা প্ৰেছ ক্লাবত আজি এক সংবাদমেলৰ আয়োজন কৰি জেচিচিপিএৰ আহ্বায়ক তথা এইচ টি এলৰ সভাপতি চাইচিং ৰংপি, জেচিচিপিএৰ আহ্বায়ক ৰবীন্দ্ৰ ৰংপি আৰু জেচিচিপিএ আৰু জাকাছৰ সভাপতি খৰছিং টেৰণে কাৰ্বি আংলং জিলাত কাইলৈ ‘শান্তি আৰু বিকাশ’ৰ সমাৰোহত অংশগ্ৰহণৰ বাবে আহিবলগীয়া প্ৰধানমন্ত্ৰীগৰাকীক জিলাখনলৈ আদৰণি জনায় যদিও জিলাখনৰ ছটাকৈ বিদ্ৰোহী সংগঠনৰ সৈতে অলপতে স্বাক্ষৰিত হোৱা বুজাবুজি চুক্তিৰ কেতবোৰ বিষয়ক লৈ মুকলি অসন্তুষ্টি ব্যক্ত কৰে।
চুক্তিখনত সন্নিৱিষ্ট কৰা ২.৩ অনুচ্ছেদৰ লগতে ২.১ ২.২ ২.৩ ২.৯ আৰু ২.১১ অনুচ্ছেদে স্বায়ত্বশাসিত পৰিষদৰ স্বায়ত্বশাসনৰ ক্ষমতা অৱনামিত কৰাৰ লগতে সংবিধানৰ ষষ্ঠ অনুসূচীৰ প্ৰকৃত উদ্দেশ্যকে ধ্বংস কৰি তুলিব বুলি আশাংকা প্ৰকাশ কৰে।
জিলাখনত বসবাস কৰি থকা পাৰ্বত্য জনজাতিৰ লোকসকলৰ অস্তিত্বৰ প্ৰতি এনে ভাবুকি নামি অহাৰ পিছত কাৰ্বি আংলঙত কিদৰে স্থায়ী শান্তিৰ আশা কৰা যায় বুলি সংগঠনকেইটাই লগতে প্ৰশ্ন উত্থাপন কৰে। লগতে, জিলাখনৰ উন্নয়নৰ ব্যৱস্থায়ো নিৰ্দিষ্ট একশ্ৰেণীৰ লোককহে সামৰি লোৱা বুলি সংগঠনকেইটাই ক্ষোভ প্ৰকাশ কৰিছে।
সেয়েহে, প্ৰকৃতাৰ্থতএলেকাটোৰ স্থায়ী শান্তিৰ স্বাৰ্থত পাৰ্বত্য জনজাতিৰ লোকসকলে সন্মুখীন হৈ থা সমস্যাৰ প্ৰকৃত কাৰণ অনুধাৱন কৰাৰ বাবে সংবাদমেলযোগে আহ্বান জনায়।
লগতে বিদ্ৰোহী সংগঠনসমূহৰ সৈতে স্বাক্ষৰিত হোৱা চুক্তিত সন্নিৱিষ্ট হোৱা বিতৰ্কীত অনুচ্ছেদৰ সমূহৰ পুনৰ্বিবেচনাৰ লগতে ভাৰতীয় সংবিধানৰ ২৪৪ (ক) ধাৰাৰ অধীনত এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীক বিবেচনা কৰি চোৱাৰ বাবে সংবাদমেলযোগে আহ্বান জনায়।












