![]()
উত্তৰাখণ্ডৰ ৰুঢ়কিৰ ধর্ম সংসদক লৈ কঠোৰ মনোভাব জনাইছিল ছুপ্রিম কোর্টে। তাৰ কেইঘণ্টামানৰ ভিতৰতেই মঙলবাৰে নিশা উত্তৰাখণ্ড আৰক্ষীয়ে জনাইছে, ৰুঢ়কিত কোনো ধর্ম সংসদৰ অনুমতি দিয়া নহ’ব।
এটি দক্ষিণপন্থী সংগঠনে উক্ত ধর্ম সংসদৰ আয়োজন কৰিছিল। আয়োজকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে এফআইআৰ দাখিল কৰিছে। ৰুঢ়কিত য’ত ধর্ম সংসদ আয়োজনৰ কথা আছিল, সেই স্থান আৰক্ষীয়ে ঘেৰি ৰাখিছে।
মঙলবাৰেই ছুপ্রিম কোর্টে স্পষ্ট কৰি দিছিল, ধর্মসংসদত সংখ্যালঘুসকলৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ কোনো কাৰণতেই সহ্য কৰা নহ’ব। তাত যাতে ঘৃণামূলক ভাষণ দিয়া নহয়, সেয়া নিশ্চিত কৰিবলৈ উক্ত ৰাজ্য চৰকাৰক নির্দেশ দিয়ে শীর্ষ আদালতে। ইয়াৰ অন্যথা উত্তৰাখণ্ডৰ মুখ্য সচিবে দাযিত্ব ল’ব লাগিব বুলিও সতর্ক কৰিছিল ছুপ্রিম কোর্টে।
উল্লেখ্য, ৰুঢ়কিত বৃহস্পতিবাৰে ধর্ম সংসদ হোৱাৰ কথা আছিল। সম্প্রতি হৰিদ্বাৰসহ দেশৰ বহু স্থানত ধর্ম সংসদৰ পৰা সংখ্যালঘু সম্প্রদায়ৰ বিৰুদ্ধে উচটনি আৰু বিদ্বেষমূলক ভাষণৰ অভিযোগ উঠিছে। চলিত মাহৰ আৰম্ভণিতে হিমাচল প্রদেশতো ধর্ম সংসদত ঘৃণাৰ ভাষণ দিয়া বুলি অভিযোগ আহে।
তাৰ পৰিপ্রেক্ষিততেই উত্তৰাখণ্ড চৰকাৰক সতর্ক কৰে ছুপ্রিম কোর্টৰ ন্যায়াধীশ এ এম খানউইলকাৰৰ নেতৃত্বাধীন তিনি সদস্যৰ বিচাৰপীঠে। আদালতৰ নির্দেশ, ঘৃণাৰ ভাষণ ৰুধিবলৈ প্রশাসনে কি ব্যৱস্থা লৈছে, সেয়া শপতনামা দি জনাব লাগিব।












