‘ৰাজ্যত বৰ্তমান বিজেপি চৰকাৰ। চৰকাৰ গঠনৰ এবছৰ হৈছেহে মাত্ৰ। সেয়ে ৰাইজে হয়তো ভাবিছে বিজেপি চৰকাৰে উন্নয়নৰ কাম কৰিব। ভয়ো খাইছে যদি বিজেপিৰ বিপৰীত প্ৰাৰ্থীক জয়ী কৰোৱা হয় তেন্তে পৰৱৰ্তী সময়ত বিজেপি চৰকাৰে দিয়া পানীকে ধৰি প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিব। সেয়ে বিজেপিক নিৰ্বাচন কৰিছে। বৰ্তমান বিজেপিৰ দিন, আমাৰ ৰাতি।’
এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এখনো আসন দখল কৰিব পৰা নাই কংগ্ৰেছে। একপ্ৰকাৰ নিচিহ্ন হৈ গৈছে কংগ্ৰেছ। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই এনেদৰে কয়।