![]()
পুনৰ বৃদ্ধি পাইছে দেশৰ দৈনিক কৰোনা সংক্রমণ। বিগত ২৪ ঘণ্টাত দেশত কৰোনা আক্রান্ত হৈছে ২ হাজাৰ ৫২৭ জন। সুস্থ হৈছে ১ হাজাৰ ৬৫৬ জন। আজি পুনৰ বৃদ্ধি পালে সক্ৰিয় ৰোগীৰ সংখ্যা।
শুক্রবাৰৰ বুলেটিন অনুযায়ী দেশত সক্রিয় কৰোনা ৰোগীৰ সংখ্যা ১৫ হাজাৰ ৭৯ জন। পজিটিভিটি ৰেট ০.৫৬ শতাংশ। অৱশ্যে শুক্ৰবাৰতকৈ মৃত্যুৰ সংখ্যা কিছু কমিছে। বিগত ২৪ ঘণ্টাত দেশত কৰোনাত মৃত্যু হৈছে ৩৩ জনৰ।

সংক্রমণৰ শীর্ষত আছে দিল্লী। ৰাজধানীত বিগত ২৪ ঘণ্টাত নতুনকৈ কৰোনা আক্রান্ত হৈছে ১ হাজাৰ ৪২ জন। তাৰ পিছতেই আছে কেৰালা৷ তাত আক্রান্ত ৩১৫ জন।
উত্তৰ প্রদেশত আক্রান্ত হৈছে ১৮৭ জন। উল্লেখ্য, উত্তৰ প্রদেশৰ গৌতম বুদ্ধ নগৰতেই বিগত ২৪ ঘণ্টাত আক্রান্ত হৈছে ১০৭ জন। এই পৰিস্থিতিত চতুর্থ ঢৌৰ আশঙ্কা কৰা হৈছে। সম্প্রতি দিল্লীৰ কোভিড গ্রাফ চিন্তাৰ কাৰণ হৈ পৰিছে কেন্দ্রৰ বাবে।












