![]()
প্রতি ঘণ্টাত গড়ে প্ৰায় ১০০ জনকৈ কৰোনাত আক্রান্ত হৈছে ভাৰতত। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুযায়ী বিগত ২৪ ঘণ্টাত দেশত ২ হাজাৰ ৪৫১ জন কৰোনাত আক্রান্ত হৈছে। যিটো বিগত ১৮ মার্চৰ পিছত দৈনিক সংক্রমণৰ হিচাবত সর্বাধিক।
ইয়াৰ পূৰ্বে যোৱা ১৮ এপ্রিলত দৈনিক সংক্রমণৰ সংখ্যা দুই হাজাৰ পাৰ কৰিছিল। তাৰ পিছত সামান্য কমি পুনৰ ঊর্ধ্বমুখী হয় দৈনিক সংক্রমণৰ লেখচিত্র।
কৰোনাত বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৫৪ জনৰ। ইয়াৰে মুঠ ৪৮ জনৰ মৃত্যু হৈছে কেৰালাত। বাকী ৬ জনৰ মৃত্যু হৈছে দিল্লী, পঞ্জাব, মহাৰাষ্ট্র, গুজৰাট, ঝাড়খণ্ড আৰু উত্তৰাখণ্ডত।












