ASSAM TIMES POST
গুৱাহাটীঃ শনিবাৰে নিশা অভিযান চলাই আৰক্ষী, সেনা আৰু চিআৰপিএফে চিৰাঙৰ পানবাৰী থানাৰ অন্তৰ্গত এলেকাৰপৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এনডিএফবি (এছ)ৰ এটা লিংকমেনক। ধৃত লিংকমেনটোৰ নাম ৰাজু ব্ৰহ্ম।
ৰাজুৰ ঘৰ থানাখনৰ অন্তৰ্গত দৈমুগুৰি গাঁৱত। অভিযানকাৰী দলটোৱে লিংকমেনটোৰপৰা এটা ফেক্টৰীত নিৰ্মিত বন্দুক, ৭.৬২ মিমি একে চিৰিজৰ বন্দুকত ব্যৱহৃত ১০ জাঁই গুলী আৰু এটা হেণ্ড গ্ৰেণেড জব্দ কৰে।
চিৰাং আৰক্ষীয়ে দেওবাৰে জনোৱা মতে, চিৰাং আৰক্ষী, ৫ম গড়ৱাল সেনা আৰু ১৫৬ নং চিআৰপিএফে লিংকমেনটোৰ গাঁৱখনত অভিযান চলায়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰিয়ে লিংকমেনটোক জেৰা চলাই তাৰ কলৰ বাগানত থকা ঘৰৰপৰা উক্ত অস্ত্ৰ-শস্ত্ৰসমূহ উদ্ধাৰ কৰা হয়। লিংকমেনটো এনডিএফবিৰ কেডাৰ সুনীলাল বড়োৰ ঘনিষ্ঠ আছিল। সুনীলালক ইতিপূৰ্বে ধুবুৰীত গ্ৰেপ্তাৰ কৰা হৈছিল।