![]()
ধঁপাত কোম্পানীৰ পণ্যৰ বিজ্ঞাপন কৰাৰ বাবে জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিলে বলিউড অভিনেতা অক্ষয় কুমাৰে। বিজ্ঞাপন কৰাক লৈ জনগণৰ ৰোষৰ সন্মুখীন হোৱা অভিনেতাগৰাকীয়ে জনাইছে যে তেওঁ আৰু উক্ত ধঁপাতজাতীয় পণ্যৰ বিজ্ঞাপন নকৰে।
লগতে তেওঁ কোম্পানীটোৰ পৰা বিজ্ঞাপনৰ বাবে যি পাৰিশ্রমিক পাইছিল, সেয়াও কোনো সমাজকল্যাণমূলক কামত দান কৰাৰ সিদ্ধান্ত লৈছে। বুধবাৰে নিশা নেট মাধ্যমত এটি পোষ্টত এই কথা জনায় অক্ষয় কুমাৰে।
জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰি অক্ষয় কুমাৰে লিখিছে, ‘‘মই আন্তৰিকভাবে দুঃখিত। মই মোৰ সকলো অনুৰাগী আৰু শুভাকাঙ্ক্ষীৰ ওচৰত ক্ষমাপ্রার্থী। বিগত কেইবা দিনো ধৰি আপোনালোকৰ প্রতিক্রিয়াই মোক অতি প্রভাৱিত কৰিছে। অৱশ্যে মই প্ৰত্যক্ষভাৱে ধঁপাতক সমর্থন কৰা নাই আৰু নকৰোও।
মই কোম্পানীটোৰ ইলাচিৰ বিজ্ঞাপন কৰিছো। কিন্তু মই আপোনালোকৰ অনুভূতিক সন্মান কৰো। সেয়ে এই বিজ্ঞাপনৰ পৰা আঁতৰাৰ সিদ্ধান্ত লৈছো। মই কোম্পানীটোৰ পৰা লোৱা ধনো সমাজকল্যাণমূলক কামলৈ আগবঢ়াম।
বাধ্যতামূলক আইনী চুক্তিৰ কাৰণে নির্দিষ্ট সময় পর্যন্ত এই বিজ্ঞাপনৰ প্রচাৰ চলাই যাব পাৰে কোম্পানীটোৱে। কিন্তু মই ভবিষ্যতে অতি সচেতন থকাৰ প্রতিশ্রুতি দিছো। বিনিময়ত মই চিৰকাল আপোনালোকৰ ভালপোৱা আৰু শুভেচ্ছা বিচাৰিম।’












