![]()
বৰপেটা জিলাত বিগত দিনৰ চলি অহা বিভিন্ন জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে শেহতীয়াকৈ তৎপৰ হৈ উঠিছে বৰপেটা আৰক্ষী। এই তৎপৰ অভিযানৰ পিছত তেওঁলোকে অলপতে ৬ জনকৈ জেহাদী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
সেইকেইজন হৈছে ক্ৰমেঃ সৰ্থেবাৰীৰ ক্ষুদ্ৰ ফালাদি গাঁৱৰ মুফতি চুলেমান আলী (৩৩), হাউলীৰ খন্দকাৰপাৰাৰ জাহিদুল ইছলাম(৩৯), হাউলীৰ কুমুল্লীপাৰাৰ ছাদ্দাম হুছেইন(২৫), ধানবান্ধাৰ গৰৈমাৰী পথাৰ গাঁৱৰ ৰশিদুল ইছলাম ওৰফে হক(২৮) আৰু কাটাঝাৰ জামাতল গাঁৱৰ মুশাৰফ হুছেইন(২৭) আৰু মকিবুল হুছেইন(২৪) ৷
এই জেহাদীৰ পৰা আৰক্ষীয়ে ১৫ টা মোবাইন হেণ্ডছেটৰ লগতে ২১ খন চিম কাৰ্ড জব্দ কৰে। ইয়াৰ লগতে, জেহাদী কেইটাৰ পৰা আৰৱী ভাষাৰ কেইবাখনো কিতাপো উদ্ধাৰ হয়।
ইতিমধ্যে আটকাধীন জেহাদী কেইটাৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত ৪১৯/২০২২ নম্বৰৰ বিপৰীতে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ বি /১২১/১২১ এ আৰু আৰ ডব্লিউ ১৭/১৮/১৮ বি /১৯/২০ ইউ এ(পি) ধাৰাৰ অধীনত এক গোচৰ ৰূজু কৰা হৈছে ৷
শুকুৰবাৰে আদালতত হাজিৰ কৰোৱাৰ পিচত আটাইকেইটা জেহাদীক ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিগত পাঁচ মাৰ্চত এগৰাকী বাংলাদেশী নাগৰিকসহ আল-কায়দা ইন দ্য ইণ্ডিয়ান চাবকণ্টিনেণ্ট চমুকৈ AQIS ৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল বৰপেটা আৰক্ষীয়ে।
আনহাতে, গ্ৰেপ্তাৰ হোৱা ৬ জেহাদীৰ পৰিচয় আৰু কাৰ্যকলাপ সন্দৰ্ভত শনিবাৰে এক সংবাদ মেল সম্বোধন কৰে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ৷
আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মেলযোগে অল-কায়দা ইন দ্য ইণ্ডিয়ান চাব কণ্টিনেণ্ট চমুকৈ AQIS ৰ সহযোগী সংগঠন বাংলাদেশৰ আনচাৰুল বাংলাৰ দ্বাৰা প্ৰভাৱিত হৈ জেহাদীকেইটাই বিভিন্নধৰণৰ কাৰ্যকলাপ অব্যাহত ৰাখিছিল বুলি জানিবলৈ দিয়ে।












