![]()
অন্য বৰ্ষসমূহৰ দৰে এইবাৰো গুৱাহাটী খাৰঘুলিৰ পৰাই শিল্পী জুবিন গাৰ্গে আৰম্ভ কৰিলে ৰঙালী বিহুৰ অনুষ্ঠান ।বৃহস্পতিবাৰে খাৰঘুলি ৰঙালী বিহুৰ সন্মিলন অনুষ্ঠান পৰিৱেশন কৰে শিল্পী গৰাকীয়ে।
প্ৰতিকূল বতৰ নেওচি নৱপ্ৰজন্মৰ হাৰ্টথ শিল্পী গৰাকী অনুষ্ঠান উপভোগ কৰা বাবে খাৰঘুলি লাল সিং খেলপথাৰলৈ আহিল হাজাৰ হাজাৰ বিহুপ্ৰেমী ৰাইজ।উল্লেখ্য প্ৰচণ্ড বতাহ-বৰষুণক নেওচি শিল্পী গৰাকী অনুষ্ঠান উপভোগ কৰিলে হাজাৰ হাজাৰ দৰ্শকে।
গুৰুত্বপূৰ্ণ কথা যে ৰঙালী বিহুৰ অনুষ্ঠান শিল্পী জুবিনে প্ৰায়ে আৰম্ভ কৰে খাৰঘুলি ৰঙালী বিহুৰ সন্মিলনৰ পৰা।ইফালে আজি শিল্পী জুবিনৰ অনুষ্ঠান আছে আজাৰা আৰু বৰাগাওঁত।













