ASSAM TIMES POST
চেন্নাইঃ দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে তামিলনাডুৰ মামাল্লাপুৰমত উপস্থিত হোৱাহি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে ৰাষ্ট্ৰপতিজনৰ ছবি অংকিত এখন চিত্ৰ উপহাৰ দিয়ে। খাঁটি মালবেৰ্ৰী ছিল্কৰ এখন কাপোৰত সোণালী সূঁতাৰ সহায়ৰে হাতেৰে বৈ উলিওৱা হয় তেওঁৰ এই ছবিখন। কম্বাটোৰৰ চিৰুমুগাইপুডুৰ শিপিনীয়ে এয়া বৈ উলিয়াইছে। ইয়াৰ দুয়োকাষে আছে ফুলৰ ছবি। এয়া প্ৰস্তুত কৰোতে ৫ দিন সময় লাগিছিল।










