ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰতীয় অৰ্থনীতি দুৰ্বল হোৱাৰ কথা নাকচ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে শনিবাৰে কয় যে যিখন দেশত একেদিনতে তিনিখন চিনেমাই ১২০ কোটি টকা উপাৰ্জন কৰিব পাৰে, তেনে এখন দেশৰ অৰ্থনীতি কেনেকৈ দুৰ্বল হ’ব পাৰে? এক সংবাদমেলত ভাগ লৈ তেওঁ কয় যে যোৱা গান্ধী জয়ন্তীৰ দিনা এই ঘটনা ঘটিছে।
এই বন্ধৰ দিনটোতে ছবিগৃহত চলি থকা তিনিখন চিনেমাই ১২০ কোটি টকা অৰ্জন কৰে। ইয়ে দেশৰ অৰ্থনীতিৰ সুস্থিৰতাকে প্ৰমাণিত কৰিছে। তেওঁক এই তথ্য এজন চলচ্চিত্ৰ বিশ্লেষকে প্ৰদান কৰিছিল বুলি প্ৰসাদে উল্লেখ কৰে। প্ৰসাদৰ এনে মন্তব্যই সম্প্ৰতি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।










