ASSAM TIMES POST
নতুন দিল্লীঃ ইথিঅ’পিয়াৰ প্ৰধান মন্ত্ৰী আবি আহমেদ আলীলৈ চলিত বৰ্ষৰ শান্তিৰ ন’বেল বঁটা আগবঢ়োৱাৰ কথা শুকুৰবাৰে ঘোষণা কৰা হয়। চুবুৰীয়া ৰাষ্ট্ৰ ইৰিট্ৰিয়াৰ সৈতে সীমা সমস্যা দূৰীকৰণৰ জৰিয়তে শান্তি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবেই তেওঁলৈ এই সন্মানীয় বঁটাটি আগবঢ়োৱা হৈছে বুলি ন’বেল বঁটা প্ৰদান সমিতিয়ে কয়। সমিতিয়ে লগতে কয় যে আফ্ৰিকা মহাদেশৰ পূব আৰু উত্তৰ পূবত তেওঁ শান্তি স্থাপনৰ অৰ্থে অহোপুৰুষাৰ্থ কৰিছিল। উল্লেখ্য যে ২০১৮ চনৰ এপ্ৰিলত তেওঁ প্ৰধান মন্ত্ৰীৰ আসনখনত অধিষ্ঠিত হৈছিল।










