গুৱাহাটীঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্লাষ্টিক-মুক্ত ভাৰতৰ আহ্বানলৈ সঁহাৰি জনাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে ক্ৰীড়া কাৰ্যক্ৰমসমূহত এবাৰ-ব্যৱহৃত প্লাষ্টিকৰ সামগ্ৰী নিষিদ্ধ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশনা প্ৰদান কৰে। এয়া সুনিশ্চিত কৰি এনে কাৰ্যক্ৰম হোৱা স্থানক ‘প্লাষ্টিক-ফ্ৰী জ’ন’ হিচাপে ঘোষণা কৰিবলৈয়ো আহ্বান জনায়। উল্লেখ্য, ২০২০ বৰ্ষৰ ১০-২২ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিতব্য খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়াৰ প্ৰস্তুতিৰ বুজ লৈয়ে মুখ্যমন্ত্ৰীজনে এই নিৰ্দেশনা প্ৰদান কৰে। ইয়াত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে ভাগ লয়।