![]()
বনৰীয়া বিষাক্ত কাঠফুলা ভক্ষণ কৰি সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ২ নং লালতিপথাৰ অঞ্চলৰ ৮ জন ব্যক্তি অসুস্থ। সম্প্ৰতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন তেওঁলোক।

অসুস্থ লোকসকল হৈছে ক্ৰমে অজয় কর্মকাৰ(১০) , ৰিমা কর্মকাৰ(৩২) ,ছয়নিকা কর্মকাৰ( ১২), জানকি প্ৰজা(৩৪), চম্পা কর্মকাৰ(৩৬), সৰুমাই কর্মকাৰ(৩৮) জ্যোৎস্না গড় (৩৩) আৰু ৰীতা কেউট(৩১)। খবৰ অনুসৰি, কালি দুপৰীয়া বাগিচাত কেঁচা চাহপাত ছিঙি থাকোতে বাগিচাত মহিলা কেইগৰাকী মানে বনৰীয়া কাঠফুলাসমূহ বুটলি আনি ৰান্ধি একেলগে নিজৰ সন্তানক লৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে ।
নিশালৈ সকলােৰে বমি হোৱাত সকলোকে স্থানীয় ৰাইজৰ সহযোগত চৰাইদেউ অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে অনা হয় যদিও অৱস্থা ক্ৰমাৎ সংকটজনক হোৱাত আজি পুৱা চিকিৎসকে সকলোকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । বৰ্তমান ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা সকলোৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।













