![]()
গুৱাহাটী মহানগৰী হাটীগাঁও সিজুবাৰীত হোটেলৰ বন্ধ কোঠাত যুৱকৰ ৰহস্যজনক মৃত্যু।যুৱতীৰে নৈশ যাপন উদ্দেশ্যে হাটীগাঁও সিজুবাৰীস্থ হোটেল ৰাজ পেলেচলৈ মঙলবাৰে সন্ধিয়া আহিছিল ধ্ৰুৱজ্যোতি ডেকা নামৰ মৃত যুৱকজন।উল্লেখ্য ৰঙিয়াত ঘৰ আছিল ধ্ৰুৱজ্যোতি ।কৰ্মসূত্ৰে গুৱাহাটী কাহিলীপাৰাত থকা যুৱকজনে কাম কৰিছিল ফাইনেন্স কোম্পানীত।
প্ৰাপ্ত তথ্য মতে এগৰাকী মহিলাৰ সৈতে যোগাযোগ কৰি ধ্ৰুৱজ্যোতিসহ দুই বন্ধু দেৱৰাজ ছেত্ৰী আৰু বিকি কুণ্ডই হোটেলখনলৈ আহিছিল।মহিলা গৰাকীয়ে তিনি যুৱকক নৈশ যাপন বাবে যোগান ধৰিছিল তিনিগৰাকী ৰহস্যময় যুৱতী।মহিলা গৰাকীৰ সৈতে এগৰাকী যুৱতী বিনিময়ত নৈশ যাপনৰ বাবে ৩হাজাৰ টকাত চুক্তি কৰিছিল।
তিনি বন্ধুৱে নিশা প্ৰায় ১০বজাত হোটেললৈ আহে।হোটেলত অহা পাছতেই অচিনাকি মহিলা গৰাকীয়ে তিনি বন্ধুক যোগান ধৰিছিল তিনি যুৱতী।যুৱকেইজনে প্ৰথম তিনি যুৱতীৰে হোটেলৰ বাৰত আৰু পৰৱৰ্তী সময়ত কোঠাত মদ-ভাঙৰ পাৰ্টী কৰে।উল্লেখ্য চাহিদুল ইছলাম নামৰ স্বতাধিকাৰী গৰাকী হোটেলৰ ১০৮নম্বৰ কোঠাত মৃত ধ্ৰুৱজ্যোতিয়ে সৈতে নৈশ যাপন কৰিছিল এগৰাকী যুৱতীয়ে।
ইফালে দুই বন্ধু হোটেলখনৰ অন্য কোঠাত নৈশ যাপন কৰিছিল।গুৰুত্বপূৰ্ণ কথা যে নৈশ যাপন কৰা যুৱতী গৰাকী ধ্রুৱজ্যোতি কোঠাৰ পৰা পুৱাই নোহোৱা হয়।কোঠাৰ বিচনাত ধ্ৰুৱজ্যোতি মৃতদেহ প্ৰত্যক্ষ কৰে বন্ধু দেৱৰাজ ছেত্ৰীয়ে।ইয়াৰ পাছতেই আৰক্ষীক খবৰ দিয়ে।
ৰহস্যজনক কথা মহিলা গৰাকী বা যুৱতী কেইগৰাকীৰ কোনো পৰিচয় যুৱক কেইজনৰ ওচৰত নাই।মৃতদেহ উদ্ধাৰৰ পাছতে পোহৰলৈ আহিছে এই কথা।একেদৰে ধ্ৰুৱজ্যোতি দুই বন্ধুৱে জানিব দিয়া মতে হোটেলখনত তেওঁলোকৰ পৰিচয় পত্ৰও লৈছিল।
কিন্তু যুৱতী তিনি গৰাকীৰ পৰিচয় লৈছিল নাই সেই কথা অৱগত নহয় তেওঁলোক।ঘটনা পাছতেই হোটেলৰ দুই কৰ্মচাৰী আৰু দুয়োজন বন্ধুক সোধপোচ চলাই আছে আৰক্ষীয়ে। আনহাতে, মৃত যুৱকজনৰ দেহত কোনো আঘাটৰ চিন নাই।অধিক মদ্যপান আৰু গাঞ্জা সেৱনৰ বাবে মৃত্যু হোৱা সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে।













