কোলেষ্টেৰলৰ সমস্যা এতিয়া ঘৰে ঘৰে। ট্রু কোলেষ্টেৰল, ট্রাইগ্লিচাৰাইড, এইচডিএল (হাই-ডেনছিটি লাইপোপ্রোটিন), এলডিএল (লো-ডেনছিটি লাইপোপ্রোটিন), এই চাৰিটা মিলিয়েই মূলত সৃষ্টি হয় কোলেষ্টেৰল পৰিয়াল।
কোলেষ্টেৰলৰ মাত্রা নিয়ন্ত্রণ কৰে প্রত্যেকৰে শৰীৰৰ বিপাক হাৰৰ ওপৰত। কাৰোবাৰ যদি ডায়েবেটিছ থাকে, তেনেহ’লে কোলেষ্টেৰলৰ মাত্রা বৃদ্ধি হোৱাৰ আশঙ্কা থাকে।
কোলেষ্টেৰলৰ মাত্রা থাকিব লাগিব ২০০ মিলিগ্রাম/ডেচিলিটাৰৰ ভিতৰত আৰু এলডিএল ১০০ মিলিগ্রাম/ডেচিলিটাৰৰ ভিতৰত। কোলেষ্টেৰলৰ মাত্রা নিয়ন্ত্রণত ৰাখিবলৈ চর্বিজাতীয় খাদ্য, চিপছ, ভজা-পোৰা এৰাই চলাৰ লগতে দৈনিক খাদ্য তালিকাত ৰাখিব লাগিব কেইবিধমান পানীয়। এই পানীয়বোৰে আপোনাক সুস্থ হৈ থাকিবলৈ সহায় কৰিব।
গ্রিন টি-
এন্টি-অক্সিডেন্ট সমৃদ্ধ গ্রিন টিত থকা ‘কেটাচিনে’ শৰীৰত বেয়া কোলেষ্টেৰলৰ মাত্রা কমোৱাত সহায় কৰে। ১২ সপ্তাহ ধৰি নিয়মিত গ্রিন টি খালে শৰীৰত কম ঘনত্বৰ কোলেষ্টেৰল লাইপোপ্রোটিনৰ মাত্রা প্রায় ১৬ শতাংশ কমি যায়।
চয়া গাখীৰ–
চয়া গাখীৰত ছেচুৰেটেড ফেটৰ পৰিমাণ অতি কম। একেবাৰে নাই বুলিলেই হয়। দীর্ঘ দিন ধৰি উচ্চ কোলেষ্টেৰলৰ সমস্যাত ভুগি থাকিলে শৰীৰ সুস্থ ৰাখিবলৈ দৈনিক খাদ্য তালিকাত অনায়াসে ৰাখিব পাৰে চয়া গাখীৰ। কেৱল কোলেষ্টেৰল নহয়, হৃদ্ৰোগৰ সম্ভাৱনাও কমোৱাত সহায় কৰে এই পানীয়ই।
বিলাহী ৰস-
বিলাহীত থকা লাইকোপিনে শৰীৰত লিপি়ডৰ মাত্রা বৃদ্ধিত আৰু লাইপোপ্রোটিনৰ মাত্রা কমোৱাত সহায় কৰে। দৈনিক আধা কাপ বিলাহীৰ ৰস খাব পাৰিলে কোলেষ্টেৰল নিয়ন্ত্রণত ৰখা সম্ভৱ।