![]()
অভিনেতা শ্বাহিদ কাপুৰক অতিশীঘ্ৰে ‘জাৰ্চি’ ত দেখিবলৈ পোৱা যাব। শেহতীয়াকৈ অভিনেতাগৰাকী এই ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ আছে। প্ৰচাৰৰ এই সময়ছোৱাতে শ্বাহিদ কাপুৰে এক সাক্ষাৎকাৰ যোগে তেওঁৰ ব্যক্তিগত কিছু কথা প্ৰকাশ কৰে। য’ত তেওঁ নিজৰ বিবাহৰ এটা ধেমেলীয়া পৰিস্থিতিৰ বিষয়ে জানিবলৈ দিয়ে।
অভিনেতাজনে কয় যে তেওঁৰ পত্নী মীৰাই বিয়াৰ কেইদিনমান পিছতেই তেওঁক এৰি যাব বিচাৰিছিল। শ্বাহিদ কাপুৰ অভিনীত ‘উড়তা পাঞ্জাৱ’ ২০১৬ চনত মুক্তি পাইছিল। য’ত তেওঁ টমি সিং নামে এটি চৰিত্ৰত অভিনয় কৰিছিল। মীৰা ৰাজপুত চৰিত্ৰটোক লৈ ইমানেই আচৰিত হৈ পৰিছিল যে তাই শ্বাহিদৰ সৈতে থাকিব নিবিচাৰিছিল।
চিএনএন নিউজ ১৮-ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শ্বাহিদে কয় যে, “যেতিয়া মীৰা আৰু মই বিয়া হৈছিলোঁ, এটা ধেমেলীয়া ঘটনা ঘটিছিল। মুক্তিৰ আগতে মই মীৰাক ‘উড়তা পাঞ্জাৱ’ চাবলৈ লৈ গৈছিলোঁ। আমি সম্পাদনা কোঠাত চিনেমাখন চাইছিলোঁ। মই চিনেমাখনৰ বাবে গৈ আছিলো, সেয়েহে মই মীৰাক সুধিছিলো যে আপুনি যাব নেকি। তেওঁ কৈছিল যে, হয় মই যাম।”
অভিনেতাজনে আগলৈ কয় যে, মীৰাই ছবিখন চাই থাকোতে মোৰ কাষত বহি আছিল। কিন্তু বিৰতিৰ সময়ত, তাই মোৰ পৰা আঁতৰি গৈছিল। তেওঁ মোৰ পৰা ৫ ফুট দূৰত থিয় হৈ আছিল। মই ভাবি পোৱা নাছিলোঁ যে হঠাৎ এয়া কি হ’ল, কাৰণ আমাৰ এৰেঞ্জ মেৰেজ আছিল আৰু দুইটাই দুইটাক তেতিয়ালৈ ভালকৈ জানিবই পৰা নাছিলোঁ। মীৰাই মোক সুধিছিল যে, “আপুনি কি এইটো মানুহ? আপুনি ভাল পাইছে নেকি এই মানুহটোক? মই আৰু আপোনাৰ সৈতে থাকিব নিবিচাৰো। মই ক’লো, “নহয়, নহয়, এয়া টমি সিং।” মোৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই।”













