ASSAM TIMES POST
বোকাৰুঃ ‘আমি এনে ব্যৱস্থা হাতত লৈছো, যাৰ জৰিয়তে দেশত এজনো অনুপ্ৰৱেশকাৰী নাথাকিব। অনুপ্ৰৱেশকাৰী দেশৰ বাহিৰ হ’বই লাগিব আৰু দেশৰ বাহিৰত যিসকল হিন্দু, জৈন, শিখ, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক অত্যাচাৰৰ বলি হৈছে, সেইসকলক ভাৰতত থাকিবলৈ দিয়া হ’ব।’, এই মন্তব্য ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জেপি নাড্ডাৰ।
শেহতীয়াকৈ ঝাড়খণ্ডত অনুষ্ঠিত এক কাৰ্যসূচীত ভাগ লৈয়ে তেওঁ এই কথা কয়। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰসংগ টানি আনি তেওঁ আৰু কয় যে এইখন দেশ, ডাষ্টবিন নহয়।
নাড্ডাৰ এই মন্তব্যই জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়কখনকেই যে আগন্তুক দিনসমূহত চৰকাৰে গৃহীতকৰণৰ বাবে আগবাঢ়িছে, সেই কথাকে প্ৰমাণিত কৰিলে বুলি সম্প্ৰতি চৰ্চা চলিছে।










