পুণৰ সক্ৰিয় হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় গাড়ীচোৰ চক্ৰ ৷ মাঞ্জা আৰক্ষীৰ জালত পৰিল দিল্লীৰ তিনি গভাইত গাড়ী চোৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে সন্ধিয়া ৫ মান বজাত মাঞ্জা আৰক্ষীয়ে মাঞ্জাৰ আইচিডিপিৰ ওচৰত চলোৱা এক নাকা তালাচীত বকলীয়াঘাট দিশৰ পৰা আহি থকা ইউপিআই ১৫ ডিএম ০৯৬৩ নম্বৰৰ বিলাসী বালেন’ বাহনত সন্দেহবশতঃ তালাচী চলাই বাহনখন চুৰিৰ বুলি নিশ্চিত কৰে ৷
গাড়ীখনৰ চুৰি কাৰ্যৰ লগত জড়িত মহিলা সহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ধৃত গাড়ীচোৰ কেইটা ক্ৰমে, চালক ৰূপত আশীস চৌধুৰী, ৰবিন্দৰ যাদৱ আৰু তেওঁৰ পত্নী সংগীতা যাদৱ ৷ ধৃত আটাকেইটা চোৰৰ ঘৰ উত্তৰ প্ৰদেশৰ মীৰাটত ৷
উল্লেখযোগ্য যে, দিল্লীৰ ছায়া বাঞ্চালৰ নামত থকা বাহন এখনৰ নম্বৰ প্লেট ব্যৱহাৰ কৰাৰ লগতে চুৰি বাহনখনৰ চেচিচ নম্বৰো বিকৃত কৰে চোৰ কেইটাই যদিও চুৰি বাহনখনৰ ইঞ্জিন নম্বৰটো সলনি কৰিব নোৱাৰাৰ বাবে গাড়ীখন চুৰিৰ বুলি আৰক্ষীয়ে নিশ্চিত হৈ পৰে ৷
ইয়াৰোপৰি সংগীতা যাদৱে নিজৰ পৰিচয় পত্ৰ লুকুৱাই থৈ ছায়া বাঞ্চালৰ নামত ভূৱা আধাৰ কাৰ্ড লৈ দিল্লীৰ পৰা গাড়ীখনলৈ ডিমাপুৰৰ ছমিৰ নামৰ লোক এজনক হস্তান্তৰ কৰিবলৈ লৈ যাওতেই গাড়ীসহ আৰক্ষীৰ জালত পৰে ৷