ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰত তথা এছিয়া মহাদেশৰ বয়োবৃদ্ধ চিম্পাঞ্জী ৰীতা(৫৯)ৰ শেহতীয়াকৈ দিল্লীৰ চিৰিয়াখানাত মৃত্যু হৈছে। আমষ্টাদামৰ চিৰিয়াখানাত জন্মগ্ৰহণ কৰা ৰীতাক ১৯৬৪ চনত দিল্লীৰ নেশ্যনেল জুলজিকেল পাৰ্কলৈ অনা হৈছিল। জানিবপৰামতে, চলিত বৰ্ষৰ ২৭ জুলাইৰপৰা স্বাস্থ্যৰ অৱনতি ঘটিছিল। গোটা আহাৰ গ্ৰহণ কৰিবলৈ অসমৰ্থ হৈ পৰা ৰীতাক সেয়ে জুলীয়া আহাৰ যোগান ধৰা যায়। এনে জুলীয়া আহাৰৰ সৈতে দৰৱো মিহলাই দিয়া হৈছিল যদিও বাৰ্ধক্যজনিত কাৰণতে ৰীতাই মৃত্যুবৰণ কৰে।










