ASSAM TIMES POST
নতুন দিল্লীঃ যুদ্ধ কিম্বা সংঘৰ্ষত শ্বহীদ হোৱা জোৱানসকলৰ নিকট আত্মীয়ই এতিয়াৰেপৰা পূৰ্বৰ তুলনাত অধিক ধন লাভ কৰিব। শেহতীয়াভাৱে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সম্পৰ্কীয় ফাইলত অনুমোদন জনোৱাতে কোনেও আশা নকৰা এনে ঘটনা ঘটিলে নিকট আত্মীয়ই সকাহ লাভ কৰিব। পূৰ্বে এগৰাকী জোৱান যুদ্ধ কিম্বা সংঘৰ্ষত শ্বহীদ হ’লে নিকট আত্মীয়ই ২ লাখ টকা পাইছিল। সেয়ে এতিয়াৰেপৰা এই পৰিমাণ হ’ব ৮ লাখ টকা। উল্লেখযোগ্য যে ‘আৰ্মি বেটেল কেজুৱেলিটিজ ৱেলফাৰ ফাণ্ড’ৰ অধীনত এই ধনসমূহ মোকলাই দি অহা হৈছে। এক বিবৃতিত প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এই কথা সদৰী কৰি আৰু কয় যে যুদ্ধত আহত জোৱানসকলেও এই অনুমোদনৰ অধীনত পূৰ্বৰ তুলনাত অধিক ধন লাভ কৰিব।










