![]()
সম্প্রতি তেলেংগানাৰ এজন কৃষক বান্দৰৰ উৎপাতত অতিষ্ঠ হৈ উঠিছিল। বান্দৰৰ দলটোৱে তেওঁৰ খেতিৰ ফচল খাই নষ্ট কৰিছিল। অভিনৱ উপায় উলিয়াই দলটোক খেদিলে তেওঁ। নিজে ভালুক সাজি খেতিপথাৰত পহৰা দিয়ে তেওঁ। এই ঘটনা ছচিয়েল মিডিয়াত তুমুল ভাইৰেল হৈছে।

তেলেংগানাৰ কৃষকজনৰ নাম ভাস্কৰ ৰেড্ডি। বান্দৰৰ দলক খেদিবলৈ তেওঁৰ মনত এই অভিনৱ কৌশলটো আহে। অৱশ্যে ভালুকৰ পোছাক কিনিবলৈ তেওঁ ১০ হাজাৰ টকা খৰচ কৰিবলগা হয়। প্রথমতে তেওঁ নিজেই ভালুক সাজি পহাৰা দিছিল। তাৰ পিছত এজন ব্যক্তিক ভাড়া কৰে তেওঁ। দৈনিক ৫০০ টকাৰ বিনিময়ত খেতিপথাৰত পহৰা দিয়ে তেওঁ।











