
ৰাজস্থানৰ কেতন আগৱৰালা হত্যা গোচৰ (Ketan Agarwal murder case)ত নিতৌ নতুন নতুন তথ্য পোহৰলৈ আহিছে। শেহতীয়াভাৱে লাভ কৰা এক তথ্য অনুসৰি, ছিয়া গোৱেলে নিজৰ বিয়াৰ বজাৰৰ বাবে তেওঁৰ হ’বলগীয়া স্বামী কেতন আগৰৱালাৰ পৰা এক কোটি টকা লৈছিল। তদন্তৰ সময়ত আৰক্ষীয়ে এই কথা জানিব পাৰিছে। কিন্তু সেই টকাখিনিৰে তেওঁ বিয়াৰ বাবে একো কিনা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ গোটেইখিনি ধন প্ৰেমিক চেতন চৌধুৰীক দিয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, চেতনৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বৰ ভাল নাছিল। তেওঁ ছিয়াক কৈছিল যে তেওঁ নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ কমেও তিনি বছৰ লাগিব। ব্যৱসায় এটা কৰিবলৈ চেতনক কিছু টকাৰ প্ৰয়োজন হৈছিল। ছিয়াই কেতনৰ পৰা সেই টকাখিনি লৈ প্ৰেমিকৰ হাতত তুলি দিয়ে। ছিয়াৰ বিয়া ঠিক হৈছিল পুনেৰ এজন ব্যৱসায়ীৰ পুত্ৰ কেতনৰ লগত। তেওঁ হ’বলগীয়া পত্নীক সন্দেহ কৰা নাছিল। গতিকে তেওঁৰ বিয়াৰ বজাৰ কৰাৰ পইচা তেওঁৰ হাতত তুলি দিবলৈ তেওঁ কুণ্ঠাবোধ নকৰিলে।

আৰক্ষীয়ে জানিব পাৰিছে যে কেতনক হত্যা কৰাৰ পিছত ছিয়াই তিনি বছৰ ধৰি অবিবাহিত হৈ থকাৰ পৰিকল্পনা কৰিছিল। সেই সময়ত চেতনৰ ব্যৱসায়ো ঠন ধৰি উঠিব বুলি ভাবিছিল। সন্দেহৰ পৰা হাত সাৰিবলৈ ছিয়া আৰু চেতনে তিনি বছৰৰ পিছত বিয়া হোৱাৰ সিদ্ধান্ত লৈছিল। ভবা নাছিল যে তেওঁলোক ধৰা পৰিব পাৰে। তদন্তকাৰীয়ে দাবী কৰিছে যে ছিয়াৰ পৰিয়ালৰ চেতনৰ ওপৰত আপত্তি আছিল। ছিয়াই ভাবিছিল যে যদি তেওঁ ব্যৱসায়টো ডাঙৰ কৰি দিব পাৰে তেন্তে তিনি বছৰৰ ভিতৰত চেতনে গোৱেল পৰিয়ালত গ্ৰহণযোগ্যতা লাভ কৰিব।
যোৱা ১৮ জুনত পুনেৰ লোহাগড় দুৰ্গৰ পৰা খাৱৈত পৰি কেতনৰ মৃত্যু হয়। প্ৰথম অৱস্থাত আৰক্ষীয়ে ইয়াক দুৰ্ঘটনা বুলি গণ্য কৰিছিল। পিছত এই হত্যাকাণ্ড পোহৰলৈ আহে। অভিযোগ অনুসৰি, ছিয়া আৰু চেতনে এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল। কেতনক গঁতিয়াই খাৱৈত পেলাই দিয়া হয়। হত্যা আৰু ষড়যন্ত্ৰৰ অভিযোগত দুয়োকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সম্প্ৰতি তেওঁলোক আৰক্ষীৰ জিম্মাত।











