দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ ঘৰৰ সন্মুখত বিক্ষোভ আৰু লণ্ডভণ্ড কৰাৰ অভিযোগত ৮জনক গ্রেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে। ঘটনাত জড়িত থকাৰ অভিযোগত আন কেইবাজনৰো সন্ধান চলাইছে আৰক্ষীয়ে।
৬টা দলত ভাগ হৈ এই তালাচী অভিযান চলাইছে আৰক্ষীয়ে। আপ বিধায়ক সৌৰভ ভৰদ্বাজে ইতিমধ্যে দিল্লী হাইকোর্টত উঠিছে। চিট অৰ্থাৎ বিশেষ তদন্তকাৰী দলৰ দ্বাৰা নিৰপেক্ষ তদন্তৰ দাবী জনাইছে তেওঁ।