বেঙ্গালুৰুত নাৰ্ছৰ চাকৰি কৰিবলৈ গৈছিল এগৰাকী যুৱতী। ফেচবুকৰ জৰিয়তে চিনাকি হয় এজন যুৱকৰ সৈতে। লগ কৰিবলৈ গৈ নির্যাতনৰ চিকাৰ হয়। চাৰিজনে মিলি গণধর্ষণ কৰে। বেঙ্গালুৰুৰ উক্ত গণধর্ষণ কাণ্ডত অৱশেষত চাৰিজনক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে।
ধৃতকেইজন আকৌ সাঁতোৰবিদ। দিল্লীৰ পৰা থেকে বেঙ্গালুৰুলৈ আহিছিল সাঁতোৰৰ প্রশিক্ষণ ল’বলৈ। এটি ডেটিং এপত ৰজত নামৰ এজনৰ সৈতে পৰিচয় হয় যুৱতীগৰাকীৰ। নিজৰ মাজত ফোন নম্বৰ বিনিময় কৰে। ৰজতেই মাতি পঠায় তেওঁক। তাৰ পিছতেই এই কাণ্ড সংঘটিত হয়।নির্যাতিতাগৰাকী পশ্চিমবঙ্গৰ বুলি জানিব পৰা গৈছে।
বেঙ্গালুৰুৰ এখন হস্পিটেলত নাৰ্ছৰ চাকৰি কৰে। যোৱা ২৪ অক্টোবৰত ৰজতে তেওঁক নৈশভোজৰ আমন্ত্রণ জনায়। তাতেই তেওঁক ৰজত আৰু তেওঁৰ তিনি বন্ধুই মিলি গণধর্ষণ কৰে। পিছদিনা তেওঁ থানাত অভিযোগ দিয়ে। ইয়াৰ পিছতে আৰক্ষী তদন্তত নামি বিভিন্ন স্থানৰ পৰা চাৰিওজনকে গ্ৰেপ্তাৰ কৰে।