বিবেক অগ্নিহোত্ৰীৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ সন্দৰ্ভত মন্তব্যৰ প্ৰভাৱ। বুধবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালৰ বাসগৃহত আক্ৰমণ চলালে বিজেপিৰ কৰ্মী-সমৰ্থকে। জানিব পৰা মতে আজি পুৱাৰ ভাগতে কেজৰিৱালৰ ঘৰৰ সন্মুখত উপস্থিত হয় বিজেপিৰ কৰ্মী-সমৰ্থকৰ এটি দল।
তেওঁলোকৰ নেতৃত্বত আছিল বিজেপি নেতা তেজস্বী সূৰ্য। উক্ত আক্ৰমণৰ ঘটনাত কেজৰিৱালৰ বাসগৃহৰ মূল প্ৰবেশদ্বাৰ আৰু পথত লগোৱা চিচি টিভি কেমেৰা ৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।
আৰক্ষী সূত্ৰ মতে, বুধবাৰে পুৱা ১১ বজাত বিজেপি নেতা তেজস্বী সূৰ্যৰ নেতৃত্বত বিজেপি যুৱ মৰ্চাৰ এটি দলে দিল্লীৰ আই পি কলেজৰ সন্মুখৰ পৰা বিক্ষোভ প্ৰদৰ্শন কৰি কেজৰিৱালৰ বাসগৃহ অভিমুখে যাত্ৰা কৰে।
তেওঁলোকে ‘কাশ্মীৰ ফাইলছ’ সন্দৰ্ভত কেজৰিৱালে দিল্লী বিধানসভাৰ মজিয়াত কৰা মন্তব্যৰ বিৰোধিতা কৰি বিক্ষোভ প্ৰদৰ্শন কৰিছিল। ইয়াৰ পিছতে দুপৰীয়া ডেৰ বজাত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখৰ বেৰিকেড ভাঙি প্ৰৱেশদ্বাৰৰ ক্ষতিসাধন কৰে আৰু মূল দৰ্জাত গেৰুৱা ৰং ছটিয়াই দিয়ে।
উক্ত ঘটনাৰ তীব্ৰ গৰিহণা দিছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচোডিয়াই।