![]()
ভাৰতত সকলো কোভিডবিধি উঠাই লোৱাৰ সময়তেই আতঙ্ক বাঢ়িছে চীন আৰু ইউৰোপৰ কেইখনমান দেশত। তাত নতুনকৈ বৃদ্ধি পাইছে সংক্রমণ। কেৱল সেয়াই নহয়। কেইসপ্তাহমানৰ ভিতৰতে হোৰাহোৰে বাঢ়িছে সংক্রমণৰ হাৰ। যাৰ কাৰণে শুক্রবাৰেই চীনৰ স্বাস্থ্য বিষয়াই ক’বলৈ বাধ্য হৈছে, ‘পৰিস্থিতি অত্যন্ত জটিল আৰু গুৰুতৰ’। আনকি বিশ্ব স্বাস্থ্য সংস্থায়ো চীনৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্রকাশ কৰিছে।
তেনে পৰিস্থিতিত অতিমাৰি চম্ভালিবলৈ চীনৰ তৃতীয় বৃহত্তম চহৰ ছাংহাইৰ অর্ধেক অঞ্চলজুৰি জাৰি হৈছে প্রথম পৰ্যায়ৰ লকডাউন। ছাংহাইৰ স্থানীয় প্রশাসনে ঘোষণা কৰে, সংক্রমণ ৰুধিবলৈ চহৰখনত গণ পৰীক্ষা আৰম্ভ হৈছে। যাৰ কাৰণে ছাংহাইৰ পুডং অৰ্থনৈতিক জিলা আৰু ওচৰ-পাজৰৰ অঞ্চলবোৰত সোমবাৰৰ পৰা শুক্রবাৰ পর্যন্ত লকডাউন জাৰি থাকিব। বন্ধ থাকিব স্কুল, কলেজ আৰু গণ পৰিবহণ। প্রয়োজন অবিহনে ঘৰৰ বাহিৰলৈ ওলোৱাটো নিষেধাজ্ঞা জাৰি কৰা হৈছে।
ইয়াৰ পিছতেই ছাংহাইৰ হুয়াংপু নদীৰ পশ্চিমে বিস্তীর্ণ ঘন বসতিপূর্ণ ডাউনটাউন এলেকাত আৰম্ভ হ’ব পাঁচ দিনৰ লকডাউন। উল্লেখ্য, দেওবাৰৰ দিনটোতেই ছাংহাইত নতুনকৈ আক্রান্ত হৈছে ৩ হাজাৰ ৫০০ জন। মার্চৰ পৰাই সংক্রমণ ৰুধিবলৈ চীনৰ একাধিক স্থানত জাৰি হৈছে লকডাউন।











