ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম আৰক্ষীৰ আন এক লজ্জিত কাহিনী উন্মোচিত।লাহৰীঘাট থানা ভিতৰত এটি ১৩ বছৰীয়া কিশোৰক গুৰুলাগুৰুলকৈ প্ৰহাৰ সহকাৰী উপ-পৰিদৰ্শক উপেন চন্দ্ৰ বৰদলৈ।সামাজিক মাধ্যমত অকথ্য নিৰ্যাতন কৰা ভিডি’অ ভাইৰেল হোৱা পাছতে লাহৰীঘাট থানা বিষয়া গৰাকীক নিলম্বন কৰিছে।
উল্লেখ যে বিস্কুট চুৰ কৰাৰ অভিযোগতেই কিশোৰটোক থানা ভিতৰত নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল।কিশোৰটিয়ে কাবৌ-কাকূটিয়ে বিষয়া গৰাকীক মাফ খুজিছে যদিও গুণ্ডাৰূপী আৰক্ষীজনৰ তিলমানো বিচলিত হোৱা নাছিল।গুৰুত্বপূৰ্ণ কথা যে সহকাৰী উপ-পৰিদৰ্শক গৰাকীয়ে কিশোৰটোক প্ৰহাৰ কৰা সময়ত আৰক্ষীৰ পোছাকত নাছিল।
এখন লুঙী আৰু এটা গেঞ্জী পৰিধান কৰি কিশোৰটোক নিৰ্দয়কৈ প্ৰহাৰ কৰিছিল।উল্লেখ্য শেহতীয়াভাৱে অসম আৰক্ষী একাংশ বিষয়া-জোঁৱানে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সতৰ্কবাণীলৈও তিলমানো সঁহাৰি জনোৱা নাই।
কাৰণ কেইদিনমান পূৰ্বে গুৱাহাটী পল্টনবজাৰ কাণ্ডই ৰাজ্য আৰক্ষী বিভাগক লজ্জিত কৰা ঘটনা মাৰ নাযাওঁতেই এইবাৰ লাহৰীঘাট থানাত সংঘটিত হৈছে আন এক লজ্জিত কাণ্ড।