স্বাস্থ্য প্ৰতিবেদন:
ভাৰতৰ প্রতিখন ঘৰতেই দৈ পোৱা যায়। দৈ খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী বিবেচনা কৰা হয়। কাৰণ দৈত এনে বহু পুষ্টি পোৱা যায় যিয়ে আপোনাক গ্রীষ্মত সুস্থ ৰখাৰ লগতে বহু ৰোগৰ পৰা দূৰৈত ৰাখে।
কেলচিয়াম, ফছফৰাছ, প্রোটিন, লেকটোজৰ দৰে ৰাসায়নিক পদার্থ দৈত প্রচুৰ পৰিমাণে পোৱা যায়। যাক গ্রীষ্মত শৰীৰৰ বাবে অপৰিহার্য বুলি বিবেচিত হয়। সেয়ে গ্রীষ্মৰ বতৰত দৈ খোৱাৰ পৰামর্শ দিয়া হয়।
দুপৰীয়াৰ খাদ্যত এক বাটি দৈ অন্তর্ভুক্ত কৰক :
যদি আপুনি দুপৰীয়াৰ খাদ্যৰ লগত প্রতিদিনে এক বাটি দৈ খায় তেতিয়াহ’লে আপোনাৰ দেহত প্রয়োজনীয় পুষ্টিৰ অভাৱ নহ’ব। কাৰণ দুপৰীয়াৰ সময়ত দৈ খোৱাটো অতি উপকাৰী ভবা হয়। সেয়ে বিয়লি দৈ অৱশ্যেই খোৱা উচিত।
ওজন কমোৱাত সহায় কৰে :
দৈ ওজন কমোৱাত সহায়ক হিচাবেও বিবেচিত হয়। দৈ কম ফেট হিচাবে বিবেচিত হয়। ইয়াৰ উপৰি দৈত উচ্চ প্রোটিন পোৱা যায় যিয়ে শৰীৰৰ ওজন নিয়ন্ত্রণত ৰাখে। সেয়ে, প্রত্যেককে দৈ খোৱাৰ পৰামর্শ দিয়া হয়।
দৈয়ে ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায় :
দৈ খালে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতাও শক্তিশালী হয়। কাৰণ প্রোবায়োটিক পুষ্টি দৈত পোৱা যায় যিয়ে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাত কার্যকৰী। সেয়ে গ্রীষ্মৰ বতৰত দৈ খোৱাৰ পৰামর্শ দিয়া হয়। বিশেষ বিষয়টো হ’ল, বহুতে গাখীৰ খাব নোৱাৰে। এনে পৰিস্থিতিত তেওঁলোকৰ প্রতিৰোধ ক্ষমতা শক্তিশালী ৰাখিবলৈ দৈ খাব পাৰে।