ষ্টাফ ৰিপ’ৰ্টাৰঃ
শিলচৰ সদৰ আৰক্ষী থানাত কৰ্তব্যৰত অসম আৰক্ষীৰ ASI গৌৰ বিধু সিঙে চাৰ্ভিচ ৰিভলভাৰেৰে নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰে। উধাৰবন্দ সমষ্টিৰ ময়নাৰবন্দৰৰ নিবাসী গৌৰবিধু সিঙে মৃত্যুৰ সময়ত পৰিয়ালত পত্নী, দুই পুত্ৰ আৰু এজনী কন্যাক এৰি থৈ যায়।
আবেলি প্ৰায় তিনি বজাত আৰক্ষী বিষয়াগৰাকীয়ে এই ঘটনা সংঘটিত কৰে। শিলচৰ সদৰ আৰক্ষী থানাত গুলীৰ শব্দ শুনিবলৈ পাই আৰু পৰৱৰ্তী সময়ত, কাছাৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে শিলচৰ সদৰ আৰক্ষী থানালৈ আহি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
আনহাতে, মৃত বিষয়াজনৰ পৰিয়ালৰ সদস্যসকলো আৰক্ষী চকীত উপস্থিত হয় আৰু এএছআই সিঙৰ আকস্মিক মৃত্যুত আচৰিত হৈ পৰে। এই বাতৰি লিখা সময়লৈ, কাছাৰ আৰক্ষীয়ে ঘটনাৰ ওপৰত এটা আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।