ষ্টাফ ৰিপ’ৰ্টাৰঃ
ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী। AS14-N-8798 নম্বৰৰ পালছাৰ বাইকখনে তীব্ৰ গতিত ৰঙিয়াৰ পৰা নলবাৰী অভিমুখে গৈ থকা সময়তে এডাল গছত খুন্দাৰ ফলত আৰোহীজন চিটিকি গৈ এটা পুখুৰীত পৰে আৰু মৃত্যুক আঁকোৱালি লয়। মৃত ব্যক্তিৰ নাম নলবাৰীৰ কৈৰাৰা সুন্ধিয়াৰ গৌতম কলিতা।