ষ্টাফ ৰিপ’ৰ্টাৰঃ
অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ খুনচাৰ কোলগাঁও অঞ্চলত ৬নং অসম ৰাইফলছ আৰু এন এছ চি এনৰ আই এম গোট নামে এটি উগ্ৰপন্থী দলৰ আজি দিনৰ ১০ বজাত সংঘৰ্ষ সংঘটিত হয়। এই সংঘৰ্ষত এন এছ চি এনৰ আই এম গোটৰ দুই কেডাৰ নিহত হোৱাৰ লগতে আন এগৰাকী কেডাৰ আটক হয়। উল্লেখ্য যে, দুয়োপক্ষৰ এই সংঘৰ্ষত স্থানীয় লোক এগৰাকীও আঘাটপ্ৰাপ্ত হয়।
জানিব পৰা মতে, অঞ্চলটোত ধনদাবী আৰু বিভিন্ন উগ্ৰপন্থা মূলক কাম কাজ সংঘটিত কৰাৰ উদ্দেশ্যেৰে সংগঠনটোৰ এটা দলে বাঁহৰ পাতি থকাৰ তথ্য লাভ কৰি আচাম ৰাইফলছে দলটোৰ বিৰুদ্ধে গাঁওখনত অভিযান চলায় আৰু তেনে সময়তে সংঘৰ্ষৰ সূত্ৰপাত হয়। নিৰাপত্তা বাহিনীয়ে সংঘৰ্ষ স্থলীৰ পৰা তিনিটা ৰাইফলছৰ লগতে সজীৱ গুলি উদ্ধাৰ কৰিছে ।
আনহাতে, সম্প্ৰতি সময়তো উক্ত অঞ্চলত অসম ৰাইফলছে উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত ৰাখিছে।