ASSAM TIMES POST
জয়পুৰঃ গান্ধী জয়ন্তীৰ দিনাৰপৰাই ৰাজস্থানত নিষিদ্ধ হৈ পৰিল শিখৰ, ৰজনীগন্ধা, কমলা পছনৰ দৰে ধঁপাতজাতীয় সামগ্ৰীৰ প্ৰচলন। ৰাজ্যখনত ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰিও মেগনেছিয়াম কাৰ্বনেট, নিক’টিন, খনিজ তেলযুক্ত পান মছলা আৰু সুগন্ধিযুক্ত চুপাৰিৰ উৎপাদন, মজুতকৰণ, বিতৰণ আৰু বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিষেধাজ্ঞা আৰোপ কৰি ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী ডাঃ ৰঘু শৰ্মাই কয় যে মহাৰাষ্ট্ৰ আৰু বিহাৰৰ পাছতেই ৰাজস্থানে এনে দ্ৰব্য নিষিদ্ধ কৰিছে।










