স্বাস্থ্য প্ৰতিবেদন:
ভোক লাগিলেই বা মন গ’লেই চাওমিন খায় নেকি? নাইবা সময়ৰ অভাৱত ততাতৈয়াকৈ সুস্বাদু চাওমিন খোৱাটোৱে পছন্দ কৰে নেকি? অৱশ্যে বয়স নির্বিশেষে চাওমিন খাবলৈ বহুতেই পছন্দ কৰে।
বনাবও পাৰি সোনকালে, পেটো ভৰে। কিন্তু দীর্ঘ দিন ধৰি চাওমিন খোৱাৰ ফলত শৰাৰত ইয়াৰ ক্ষতিকাৰক প্রভাৱ পৰিব পাৰে।
মাত্রাধক চাওমিন খালে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?
১) চাওমিন প্ৰস্তুত কৰা হয় মূলত ময়দাৰে। ফলত সংৰক্ষণৰ বাবে ইয়াত প্রচুৰ পৰিমাণত ৰাসায়নিক মিহলোৱা হয়। যিটো শৰীৰৰ বাবে একেবাৰেই ভাল নহয়। দীর্ঘ দিন ধৰি চাওমিন খালে কমি থাকে হজম ক্ষমতাও।
২) চাওমিনত ‘মনোছ’ডিয়াম গ্লুটামেট’ নামৰ এবিধ ৰাসায়নিক মিহলোৱা হয়। দীর্ঘ দিন ধৰি শৰীৰত এই ৰাসায়নিক যৌগ প্রবেশ কৰাৰ ফলত ৰক্তচাপ বাঢ়ে।
৩) দীর্ঘ দিন ধৰি চাওমিন খালে বিপাক হাৰ কমি যায়। ফলত ওজন বৃদ্ধি পাবলৈ ধৰে।
৪) চাওমিনত আছে ফেটি এচিড, খোৱাতেল, গোন্ধবর্ধনকাৰী বিভিন্ন উপাদান। যিবোৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক।