![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
পুনৰ সংঘটিত হৈছে গুৱাহাটী মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা। শুকুৰবাৰৰ গাড়ীগাঁও গণধৰ্ষণৰ পিছত এইবাৰ মালিগাঁৱৰ নিৰ্মীয়মাণ উৰণীয়া সেতুত চিপ লৈ আত্মহত্যাৰ ঘটনা৷ আজি দিন দুপৰতে নিৰ্মীয়মাণ উৰণীয়া সেতুখনৰ এটা খুঁটাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় এজন লোক৷ ঘটনাটো মালিগাঁৱৰ ৩নং ৰে’লৱে গে’টৰ ৰাজপথত।
ঘটনাৰ বিৱৰণী মতে, নিৰ্মীয়মাণ উৰণীয়া সেতুখনৰ এটা খুঁটাত চিপ লৈ ওলমি থকা অৱস্থাত এজন লোকক প্ৰত্যক্ষ কৰে একাংশ লোকে৷ লগে লগে তেওঁলোকে জালুকবাৰী আৰক্ষী থানাত খবৰ দিয়ে। উক্ত খবৰৰ ভিত্তিতেই উক্ত স্থানত উপস্থিত হয় জালুকবাৰী আৰক্ষীৰ এটা দল।
ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে লগে লগে তদন্ত আৰম্ভ কৰে৷ কিন্তু এই পৰ্যন্ত লোকজনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই বুলি জানিব পৰা গৈছে। মৃতদেহটো চিপ লোৱা অৱস্থাৰ পৰা নমাই জালুকবাৰী আৰক্ষীয়ে থানালৈ লৈ যায়। আৰক্ষী সূত্ৰ মতে, মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃত্যু সন্দৰ্ভত অধিক তথ্য জানিব পৰা যাব৷ আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত ঘটনাটো আত্মহত্যা বুলিয়েই ধাৰণা কৰা হৈছে।













