স্বাস্থ্য প্ৰতিবেদন:
ভাৰতৰ দৰে দেশত অধিকাংশ ক্ষেত্রতে মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ তেনে সুযোগ নাপায়। কিন্তু কেইটামান দিশত গুৰুত্ব দিলে মহিলাসকলে হৃদৰোগত আক্রান্ত হোৱাৰ আশঙ্কা বহুখিনি কমাব পাৰে।
কোন পাঁচটা উপায়েৰে কমাব পাৰে হৃদৰোগত আক্রান্ত হোৱাৰ আশঙ্কা?
১) শৰীৰচর্চা : নিয়মিত শৰীৰচর্চা কৰিব লাগিব। ব্যায়ামৰ বাবে পৃথককৈ সময় নাপালে অন্তত বেছিকৈ খোজকাঢ়ক। দিনৰ কোনো এটি সময়ত আধা ঘণ্টা খোজকাঢ়ক।
২) স্বাস্থ্যকৰ খাদ্য : হার্টৰ স্বাস্থ্যৰ কথা মনত ৰাখি খোৱা-লোৱা কৰক। কম ফেট আৰু কার্বোহাইড্রেটযুক্ত খাদ্য খোৱাৰ অভ্যাস কৰক। পঠাৰ মাংস আৰু মিঠাই খোৱাটো এৰাই চলক।
৩) ওজন নিয়ন্ত্রণ : অতিৰিক্ত ওজন কমোৱাৰ চেষ্টা কৰাটো জৰুৰী। যদি বডি মাছ ইন্ডেক্স (বিএমআই) ২৫-ৰ বেছি হয়, তেন্তে নিজৰ ওজন সম্পর্কে সচেতন হ’ব লাগিব।
৪) ধূমপান : এই অভ্যাসটি নানা সমস্যাৰ কাৰণ। নিয়মিত ধূমপানৰ অভ্যাস থাকিলে শৰীৰৰ ওপৰত বিভিন্ন ধৰণে চাপ পৰিব পাৰে। বাঢ়িব পাৰে হার্টৰ সমস্যাও।
৫) মানসিক চাপ : মানসিক চাপৰ কাৰণে হৃদৰোগৰ আশঙ্কা বহুখিনি বৃদ্ধি পায়। দৈনন্দিন জীৱন-যাপনৰ ছন্দ, কামৰ চাপৰ দৰে নানা কাৰণত মানসিক চাপ বাঢ়িব পাৰে। কিন্তু এই বিষয়ত কিছু সচেতন থাকিলে কিছু নিয়ন্ত্রণ কৰিব পাৰিব সেই চাপ।