স্বাস্থ্য প্ৰতিবেদন:
গৰম পানীয়ে ওজন কমোৱাত সহায় কৰিব পাৰে! শুনিবলৈ অবাক লাগিলেও বিশেষজ্ঞসকলৰ মতে কিন্তু এই কথাটো একেবাৰে অবান্তৰ নহয়। প্রতিদিনে নিয়ম মতে ৬-৮ গিলাচ গৰম পানী খালে ওজন কমাত সহায় কৰিব পাৰে।
বিশেষজ্ঞসকলৰ মতে, পানীৰ ভাৰসাম্য বজায় ৰখাটো শৰীৰৰ পক্ষে এনেয়ো ভাল। কিন্তু যদি পানী খোৱাৰ আগতে কিঞ্চিত গৰম ক ৰিলোৱা যায় তেন্তে ওজন কমোৱাতো সি কার্যকৰী হ’ব পাৰে। গৰম পানীয়ে শৰীৰৰ বিপাক প্রক্রিয়াক উদ্দীপিত কৰাত সহায় কৰে।
বিশেষকৈ পুৱা গৰম পানী খালে বিপাক প্রক্রিয়া দ্রুততাৰে সক্রিয় কৰিব পাৰে। তাৰ উপৰি গৰম পানীয়ে স্নেহ পদার্থৰ কণিকা ভঙাতো সহায় কৰে, যাৰ ফলত পৰিপাকতন্ত্রৰ পক্ষে ফেট জাতীয় পদার্থ পৰিপাক কৰাটো সহজ হয়।
খোৱাৰ পূৰ্বে কিছু গৰম পানী খালে পেট কিছু হ’লেও ভৰ্তি যেন লাগে, ফলত গৃহীত খাদ্যৰ পৰিমাণ হ্রাস পায়। কমে গৃহীত কেলোৰিৰ পৰিমাণো।ওজন কমোৱাৰ লগতে শৰীৰৰ বিভিন্ন উপকাৰত আহে গৰম পানী।