স্বাস্থ্য প্ৰতিবেদন:
বহুতৰেই বিভিন্ন কাৰণত টোপনিত নাক বাজে। কিন্তু তাৰ ফলত তেওঁৰ যিমান সমস্যা হয়, তাতকৈও বেছি সমস্যা হয় ওচৰত যি থাকে, তেওঁৰ।
কিন্তু নাক বজাটোক সাধাৰণ বিষয় বুলি উৰুৱাই দিব নোৱাৰি। কাৰণ বহু ক্ষেত্রতেই নাক বজাৰ অন্তৰালত লুকাই থাকে ডাঙৰ অসুখো। যেনে নাক বজাৰ অন্যতম ডাঙৰ কাৰণ হ’ব পাৰে শ্লিপ এপনিয়াৰৰ দৰে সমস্যা। তেনে হ’লে চিকিৎসকৰ পৰামর্শ লৈ চিকিৎসা কৰাব লাগিব।
কিন্তু সাধাৰণ নাক বজাৰ সমস্যাৰ কেইবাটাও সহজ সমাধান আছে। চাওঁ আহক সেইবোৰ কেনেধৰণৰ।
*চিৎ হৈ শুলে যিসকলৰ তীব্র নাক বাজে, তেওঁলোকৰ বহুতৰেই তলমুৱা হৈ শুলে নাক নাবাজে। তলমুৱা হৈ শুলে বতাহ চলাচলৰ পথটি খুলি যায়। সেয়ে শব্দ কমি যায়।
*পৰিসংখ্যাই কৈছে, যিসকলৰ ওজন স্বাভাৱিকতকৈ বেছি, তেওঁলোকৰ বেছি নাক বাজে। সেয়ে এই সমস্যা কমাবলৈ ওজন কমোৱাৰ পৰামর্শ দিয়ে চিকিৎসকে।
*ওখ গাৰুত মূৰ থৈ শুলেও বহু সময়ত নাক বজাৰ সমস্যা কমে। চাৰি ইঞ্চিমানৰ ওখ গাৰু ব্যৱহাৰ কৰিলে সুফল পাব পাৰে।
*নাকৰ শব্দ কমোৱাৰ বাবে এক ধৰণৰ ক্লিপ পোৱা যায়। সেইটো নাকত লগাই ল’লেও বহু সময়ত নাক বজাৰ পৰিমাণ কমে।
*যিসকলে নিয়মিত মদ্যপান আৰু ধূমপান কৰে, তেওঁলোকৰ নাকৰ শব্দৰ সমস্যা বাঢ়ে। বিশেষকৈ যিসকলে টোপনিৰ আগতে এই নিচাবোৰ কৰে। সেয়ে নাকৰ শব্দ কমাবলৈ ধূমপান আৰু মদ্যপান ত্যাগ কৰাৰ পৰামর্শ দিয়ে চিকিৎসকে।